আমগুৰিত বিহুৰ আখৰাত ব্যস্ত এজাক ডেকা-গাভৰু
🎬 Watch Now: Feature Video
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ আমগুৰিতো আৰম্ভ হৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক আয়োজন ৷ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ঢোল-পেঁপাৰ মাতত গাঁৱৰ চুবুৰি ৰজন-জনাই উঠিছে । ঢুলীয়া-নাচনী ব্যাকুল হৈ পৰিছে ৰঙালীক আদৰিবলৈ । লালিমছিগা বৰ অসম চেমনিয়া হুঁচৰি দলে ইতিমধ্যে সমাপ্ত কৰিছে বিহুৰ আখৰা । ৰাজ্যৰ ভিন্ন প্ৰান্তত হুঁচৰি মাৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বৰ অসম চেমনিয়া হুঁচৰি দলে গছৰ তলত বিহু মাৰি ৰঙালীক আদৰাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় । এই সন্দৰ্ভত আমগুৰিৰ সংবাদদাতা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন...
Last Updated : Apr 4, 2021, 11:59 AM IST