শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বাঘবৰত প্ৰতিবাদ - শ্বেৰমান আলী বাতৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13293621-thumbnail-3x2-baghbar.jpg)
শ্বদীহৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বাঘবৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান ৷ বৃহস্পতিবাৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত চক্ৰ বিষয়াৰ কাৰ্যলায়ৰ প্ৰাংগণত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিটোৰ ৰাইজে ৷ ধৰ্ণা কাৰ্যসূচীৰ শেষত বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়াৰ জৰিয়তে ৰাজ্যপাল জগদীশ মুখীলৈ শ্বেৰমান আলীৰ মুক্তিৰ দাবীত ছয় দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ চক্ৰ বিষয়াগৰাকীয়ে স্মাৰক পত্ৰখন বৰপেটা জিলা উপায়ুক্তক প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক ৷