বঙাইগাঁৱৰ বৰৈচালাত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - মানিকপুৰত প্ৰতিবাদ বাতৰি
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতো পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে মহানৱমীৰ দিনটোতে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰৈচালাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বঙাইগাঁও জিলা NSUIএ ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উন্নয়নৰ নাম লৈ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ দিনতে 350 টকীয়া চিলিণ্ডাৰ 1000 টকাত কিনিবলগীয়া হৈছে ৰাইজে ৷ গতিকে অতিশীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নহ’লে অনাগত দিনত আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷