ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ সংবাদ মেল - অভিযোগ সম্পূৰ্ণ ভিত্তিহীন
🎬 Watch Now: Feature Video
ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ সংবাদ মেল । মাটি নামজাৰিৰ নামত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ধনদাবীৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে । মাটি নামজাৰিৰ নামত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে এটা দম্পতীক ধন দাবী কৰা বুলি অভিযোগ উৎত্থাপিত হোৱাৰ পিছত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লীনা পাৱে তেওঁৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে দম্পতীটোৱে অনা অভিযোগ অস্বীকাৰ কৰে । কিয়নো মহিলা গৰাকীয়ে যিখিনি মাটিৰ নামজাৰিৰ কথা কৈছে সেইখিনি মাটি কেইবাবছৰ পূৰ্বে তেওঁৰ ভাতৃসকলৰ নামত ইতিমধ্যে নামজাৰি হৈ গৈছে । গতিকে ধন দিলেও সেই খিনি মাটিখিনি কোনেও নামজাৰি কৰিব নোৱাৰিব বুলি জানিব দিয়ে । ৰঙিয়াৰ এক নং ৱাৰ্ডৰ ৰুণু বেগম নামৰ মহিলা গৰাকীয়ে ধন দাবী কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি সংবাদ মেলত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।