হেৰাই যোৱা হাঁহি ঘূৰাই পালে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালে - ৰাম কুমাৰ
🎬 Watch Now: Feature Video
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা)য়ে অপহৰণ কৰি নিয়াৰ পাছত প্ৰায় চাৰি মাহৰ অন্তত মুকলি কৰি দিয়ে । আলফা (স্বা) মুকলি কৰি দিয়াৰ পিচতে শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালৰ লোকৰ মুখত হাঁহি বিৰিঙিছে ৷ প্ৰায় 20 কোটি টকা আলফাই মুক্তিপণ দাবী কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছত দুই অপহৃত কৰ্মচাৰীৰ মুক্তিৰ ক্ষেত্ৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ এনে পৰিস্থিতিত অৱশেষত দুই কৰ্মচাৰীৰ মুক্তিক লৈ এক সবল জনমত গঠন হোৱাত আলফা স্বাধীনে বিনাস্বৰ্তে মুক্তিৰ ঘোষণা কৰাৰ পাছত শনিবাৰে অসম-অৰুণাচল সীমান্তৰ এক অজ্ঞাত ঠাইত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে । আনহাতে, গগৈৰ পিতৃ-মাতৃয়েও পুত্ৰৰ মুক্তিৰ খবৰ পোৱাৰ লগে লগে আনন্দ প্ৰকাশ কৰাৰ লগতে ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছে ৷