গ্ৰামাঞ্চলৰ লোকৰ সুবিধাৰ্থে এম্বুলেঞ্চ প্ৰদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

By

Published : Aug 27, 2021, 4:04 PM IST

thumbnail
হোজাই জিলাৰ লংকাৰ ওমপ্রকাশ প্রমীলা দেৱী সোঁৱৰণী দাতব্য ন্যাসক (Omprakash Pramila Devi Memorial Charitable Trust) নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi) প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । ন্যাসৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত সাংসদগৰাকীয়ে এম্বুলেঞ্চখন (Ambulance) ওমপ্রকাশ প্রমীলা দেৱী সোঁৱৰণী দাতব্য ন্যাসৰ অধ্যক্ষ ৰোহিত কুমাৰ আগৰৱালাৰ হাতত অৰ্পণ কৰে । অনুষ্ঠানত সাংসদগৰাকীক ন্যাসৰ তৰফৰ পৰা বিশেষভাৱে আদৰণি জনোৱা হয় । সভাত লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ সিং ভুঁই আৰু লংকাৰ প্রাক্তন শিক্ষক অভিজিৎ দাসকো আদৰণি জনোৱা হয় । লগতে ক'ভিড (Covid) পৰিস্থিতিত দিনে-নিশাই ন্যাসৰ তদাৰকত চলোৱা হোজাই জিলাৰ প্ৰথম আদর্শ প্রতিষেধক প্রদান কেন্দ্ৰত নিয়োজিত হৈ থকা নাৰ্চ পূর্ণিমা নাথক শ্রেষ্ঠ ক'ভিড যোদ্ধা (Covid warrior) হিচাপে সম্বর্ধনা জনোৱা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.