হাতত ঝাড়ু লৈ চাফাই অভিযান কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ - Rural tourism
🎬 Watch Now: Feature Video
ৰাজ্যৰ এটা বিধান সভা সমষ্টিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাৰ প্ৰয়াস এগৰাকী বিধায়কৰ । গ্ৰাম্য পৰ্যটন(Rural tourism) ৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক সবল কৰি তোলাৰ লগতে সমষ্টি ভিত্তিক ব্ৰেণ্ড এম্বেচাদৰ(Brand Ambassador) হিচাপে নিযুক্তি দিছে এজন জনপ্ৰিয় কণ্ঠশিল্পীক । স্থানীয় বিধায়কজনে খুমটাইৰ গ্ৰাম্য পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিছে আচুৰ্য বৰপাত্ৰক ।
জানিব পৰা মতে, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া(Khumtai MLA Mrinal Saikia)ই সমষ্টিটোত গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰি ইতিমধ্যে যোগীবাৰী, মেলামৰা আৰু খুমটাইত পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্যক সমষ্টি ভিত্তিক ব্ৰেণ্ড এম্বেচাদ(Brand Ambassador)ৰ নিযুক্তি প্ৰদান কৰি সমষ্টিত আৰ্থিক স্বাৱলম্বিতা গঢ়াৰ পৰিকল্পনা কৰিছে বিধায়কজনে ।
সেয়ে বুধবাৰে পুৱাই হাতত ঝাড়ু লৈ সমষ্টিটোৰ মহিলা সকলৰ লগত চাফাই অভিযানত ব্যস্ত হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ । উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ পিছতেই খুমটাইত পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ সপোন বিধায়ক মৃণাল শইকীয়াৰ ।