তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 25, 2020, 11:33 AM IST

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ৰাহুল গান্ধী ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে তৰুণ গগৈৰ দিছপুৰ স্থিত চৰকাৰী বাসগৃহলৈ যায় কংগ্ৰেছ নেতা গৰাকী ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ৰাহুল গান্ধী উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি ৰাহুল গান্ধীয়ে এইদৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘তৰুণ গগৈ মোৰ গুৰু আছিল ৷ তেখেতে অসমৰ বিষয়ে, অসমৰ সমস্যা সমূহৰ বিষয়ে মোক যিদৰে বুজাইছিল, আন কোনেও বুজাব পৰা নাছিল নিজৰ পুত্ৰৰ দৰে মোক জ্ঞান কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই ৷’’ ৰাহুল গান্ধীয়ে লগতে কয় যে, এয়া তেওঁৰ বাবে অপূৰণীয় ক্ষতি আৰু কংগ্ৰেছে দলৰ এটি স্তম্ভ খহি পৰাৰ দৰে হৈছে গগৈৰ মৃত্যুত ৷ তেখেতে সদায় অসমৰ কথাই চিন্তা কৰিছিল আৰু অসমৰ কথাই কৈছিল ৷ তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমৰ সৈতে কথা পতাৰ দৰে অনুভৱ হৈছিল বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধা জনোৱাৰ অন্তত পুনৰ 11 বজাত দিল্লী অভিমুখে ৰাওনা হয় ৰাহুল গান্ধী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.