মাত্ৰ বাৰ চেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ' - ছাগলমোৱাৰ পৰা কালাছড়া
🎬 Watch Now: Feature Video

কৰিমগঞ্জ, 6 জুলাইঃ মাত্ৰ বাৰ চেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ' । এই ভিডিঅ'টোৱে উদঙাই দিছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা বৃহৎ এলেকাৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত চিত্ৰখন। দেওবাৰে পুৱাৰ ভাগত এগৰাকী গৰ্ভৱতী মাতৃক পৰিয়ালৰ লোকে 5 কিলোমিটাৰ পথ কিদৰে কান্ধত উঠাই হাস্পতাললৈ লৈ গৈছে সেই দৃশ্য মোবাইলত বন্দী হোৱাৰ পিচত পোহৰলৈ আহে বিকাশৰ ছবিখন ৷
ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিল বিতং কাহিনী । পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত কোনো ধৰণৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰে । গতিকে অঞ্চলটোত এম্বুলেঞ্চ প্ৰৱেশ কৰাটো এক প্ৰকাৰ দিবাস্বপ্ন ৷ বাজাৰিছড়া পঞ্চায়তৰ ছাগলমোৱাৰ পৰা কালাছড়া লৈকে সংযোগ স্থাপনকাৰী পথটোৰ অৱস্থা দীৰ্ঘ দিনধৰি এনেদৰেই আছে। বাৰিষাৰ সময়ত পথৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ ফলত কোনো ধৰণৰ যান-বাহন এই এলেকাত প্ৰৱেশ কৰিব নোৱাৰে । যাৰ বাবে ৰোগীক এনেদৰেই চিকিৎসালয়লৈ নিবলগা হয় ৷