পাঠশালাত পল্লা নদীৰ তাণ্ডৱ : পানীৰ তলত বিস্তীৰ্ণ অঞ্চল
🎬 Watch Now: Feature Video
ৰাজ্যৰ উজনিয়ে-নামনিয়ে মূষলধাৰ বৰষুণৰ লগতে অব্যাহত আছে বানৰ সংহাৰীৰূপ । পল্লানদীৰ বাঢ়নী পানীয়ে ডুবালে ভৱানীপুৰ সমষ্টিৰ অধিকাংশ গাঁৱৰ লগতে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কালঝাৰ ,কুজাৰপীঠ,বৰবালা কমলপুৰ,ঝাৰাবাৰী গাঁও । সমষ্টি দুটাৰ বেছিভাগ অঞ্চলত বাট-পথ,মথাউৰি আদি ছিঙি সোমাই আহিছে পানী । পথৰ ওপৰেদি বাগৰিছে বাঢ়নি পানী । বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । খাদ্য সংকটত ভুগিছে মানুহৰ লগতে পশুধন । বানপীড়িতৰ খবৰ ল’বলৈ আহৰি নাই কোনো এজনো জনপ্ৰতিনিধিৰ । এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰাও যোগান ধৰা নাই হোৱা নাই কোনো ধৰণৰ সাহাৰ্য্যৰ । ফলত অঞ্চলজুৰি সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ।