বোকাখাতৰ CWRC ত সম্পন্ন কাছৰ অস্ত্ৰোপ্ৰচাৰ - দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা কাছ
🎬 Watch Now: Feature Video
বোকাখাত পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সফলতা ৷ শুকুৰবাৰে কেন্দ্ৰটোত সফলতাৰে সম্পন্ন হয় এটা কাছৰ অস্ত্ৰোপ্ৰচাৰ । কিছুদিন পূৰ্বে তেজপুৰত উদ্ধাৰ হৈছিল এই দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো । উদ্ধাৰ হোৱা কাছটোৰ ডিঙিত এটা বৰশী প্ৰত্যক্ষ কৰিছিল উদ্ধাৰ কৰা লোকসকলে । তাৰ পাচতে উদ্ধাৰকাৰীয়ে কাছটোৰ ডিঙিত থকা বৰশীটো উলিয়াবলৈ চেষ্টা কৰে ৷ কিন্তু লোকসকলে বৰশীটো উলিয়াব নোৱাৰাত তেজপুৰস্থিত পশু চিকিৎসালয়লৈ অনা হয় আহত কাছটোক ৷ কিন্তু তাতো কাছটোৰ ডিঙিৰ পৰা বৰশীটো উলিয়াবলৈ সক্ষম নহ’ল । তাৰ পাছত বোকাখাতস্থিত বন্যপানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ আন হয় কাছটোক । কেন্দ্ৰটোৰ চিকিৎসক চামাচুল আলিৰ তত্বাৱধানত চিকিৎসা আৰম্ভ কৰা হয় কাছটোৰ । প্ৰথমতে কাছটোৰ X-Ray কৰা পিছত চিকিৎসকে প্ৰত্যক্ষ কৰে বৰশীটো ৷ চিকিৎসকে উল্লেখ কৰা অনুসৰি, কাছটোৰ ডিঙিৰ বহু গভীৰলৈ সোমাই গৈছে বৰশীটো ৷ সেয়ে আহত কাছটোৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয় ৷ আস্ত্ৰোপ্ৰচাৰ কৰি বৰশীটো উলিয়াই দিয়াৰ অন্তত চিকিৎসকে কাছটো সংকট মুক্ত বুলি জানিবলৈ দিয়ে ৷ বৰ্তমানে চিকিৎসকৰ তৎতাৱধানতে ৰখা হৈছে কাছটো ৷