শিশু শ্ৰমিক বিচাৰি গুৱাহাটীৰ দোকানে-দোকানে আৰক্ষী-চাইল্ড লাইনৰ অভিযান

By

Published : Oct 21, 2021, 6:42 PM IST

thumbnail

মহানগৰীৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত একাংশ লোকে নিয়োগ কৰা শিশু শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে চাইল্ড লাইন বিভাগে । ইয়াৰ অংশ স্বৰূপে বৃহস্পতিবাৰে মহানগৰীৰ বামুনিমৈদাম ৰেলৱে কলনীৰ বজাৰত চাইল্ড লাইনে চলাই অভিযান । কেইবাখনো দোকানত কাম কৰি থকা অৱস্থাত চাইল্ড লাইনে চান্দমাৰী আৰক্ষীৰ সহযোগত অভিযান চলাই পাঁচটিকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বামুনিমৈদামৰ একাংশ ব্যৱসায়ীয়ে দোকানত শিশু শ্ৰমিকক নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল । এক গোপন খবৰৰ ভিত্তিত চাইল্ড লাইন আৰু চান্দমাৰী আৰক্ষীয়ে বামুনিমৈদাম বজাৰত অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই পাঁচটি শিশু শ্ৰমিকক । উল্লেখ্য যে, শিশু শ্ৰমিক হিচাপে নিয়োগ কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে চাইল্ড লাইনে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদমাধ্যমৰ আগত সদৰি কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.