দিহিং পাটকাইত তেল চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা - চৰাই পুঙত তেলচুৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13537062-thumbnail-3x2-dd.jpg)
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dihing Patkai National Park)ত তেল চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ চৰাই পুং বনাঞ্চলত অইল ইণ্ডিয়া(Oil India)ৰ পৰা চুৰি কৰা তেল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বুধবাৰে পুৱাৰ ভাগত নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চলাইছিল এই অভিযান ৷ অভিযান কালত আৰক্ষীয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাই পুঙত তেলচুৰি চক্ৰৰ কৱলৰ পৰা 80 লিটাৰ condensed তেলসহ চাৰিখন বাইক জব্দ কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি ডিগবৈ-দুলীয়াজান সীমান্তৰ চৰাইপুং বনাঞ্চলত অইল ইণ্ডিয়াৰ তৈল পৰিবাহী পাইপ কাটি চোৰে তেল চুৰিকাণ্ড অব্যাহত ৰাখিছিল । আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই তেলচুৰি চক্ৰটো পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে ৷ কিন্তু তাৰ মাজতে তেলচুৰি চক্ৰটো পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷