ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক - operation against child labour in Dhubri

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 7, 2022, 2:22 PM IST

ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে শিশু শ্ৰমিকৰ সংখ্যা । সেয়ে বৃহস্পতিবাৰে ধুবুৰীৰ ভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলিল এক যৌথ অভিযান(operation against child labour in Dhubri) । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ অভিযানত উদ্ধাৰ কৰা হ'ল ১৫ গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিকক(Dhubri Child line rescue 15 child labour) ৷ উদ্ধাৰ কৰা শিশু-কিশোৰ শ্ৰমিকক নিশা স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাই ধুবুৰী ছায়া ছিলড্ৰেন হোমত ৰখাৰ ব্যৱস্থা কৰা হয় । ইপিনে উদ্ধাৰ হোৱা শিশু কিশোৰ শ্ৰমিকৰ ভিতৰত একাংশ বিভিন্ন বিদ্যালয়ত বৰ্তমান অধ্যয়নৰত অৱস্থাত আছে যদিও আৰ্থিক দৈন্যতাৰ বাবে বিভিন্ন মটৰ চাইকেল অথবা মটৰ গেৰেজ আৰু হোটেলত কাম কৰি দুপইচা উপাৰ্জনৰ বাবে এই পথ বাছি লবলৈ বাধ্য হৈছে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.