কৰ্তব্যৰত যান-বাহন আৰক্ষীক দুৰ্ব্যৱহাৰ এজন অভিনেতাৰ !
🎬 Watch Now: Feature Video
মহানগৰ যান-বাহন আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে এজন অভিনেতা তথা চিকিৎসকৰ । কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ আগত নিজৰ ভুল স্বীকাৰ কৰিবলৈ অমান্তি লোকজন । লক্ ডাউনৰ এই সময়ত কঠোৰ হৈছে আৰক্ষী । প্ৰতিদিনে কৰিছে যান-বাহন তালাচী । তাৰ মাজতে নিজ কৰ্তব্য কৰি থকাৰ অৱস্থাত এজন লোকে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে । প্ৰতিদিনৰ দৰে কামৰূপ একাডেমীৰ কাষত লতাশিল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে সৃষ্টি হয় এই পৰিস্থিতিৰ ।
হেলমেট পৰিধান নকৰাকৈ অহা লোক জন আৰক্ষীয়ে ৰখোৱাৰ পিচতো ক্ষুব্ধ হৈ পৰে । জানিব পৰা মতে, লোক জনৰ হাতত নাই গাড়ীৰ কোনো কাগজ পত্ৰও । কিন্তু তাৰ পিচতো ব্যক্তি জনে, বাৰে বাৰে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় আৰক্ষীৰ লগত । আৰক্ষীৰ বাৰম্বাৰ অনুৰোধ আৰু কৰ্তব্যৰ খাতিৰত লোকজনৰ পৰা কাগজ পত্ৰ আৰু প্ৰমাণ বিচৰাৰ পাচতো নিজৰ ভুল স্বীকাৰ কৰিবলৈ অমান্তি হয় ব্যক্তি জন । ইতিমধ্যে যান-বাহন আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।