ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে NSUI ৰ প্ৰতিবাদ - ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি
🎬 Watch Now: Feature Video
বঙাইগাঁও জিলাৰ বালাপাৰাত মঙলবাৰে জিলা এনএছইউআয়ে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ জিলা সভাপতি ছফিকুল ইছলামৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক এনএছইউআইৰ কৰ্মীয়ে যোগীঘোপাৰ বালাপাৰা বজাৰৰ পৰা বেনাৰ-ফেষ্টুন লৈ এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে মোডী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, দৰিদ্ৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । এনএছইউআইৰ কৰ্মীসকলে বালাপাৰা তেল ডিপোত উপস্থিত হৈ তেল ডিপোৰ কৰ্মচাৰী আৰু মালিকক গামোচা আৰু মালা পিন্ধাই চৰকাৰক কঠোৰ সমালোচনা কৰে ৷