ডিব্ৰুগড় : তিনিটা দিনৰ বাবে ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাই পৰিচালিত কৰিছে ৰাজ্যৰ কাম-কাজ । ডিব্ৰুগড়ত সোমবাৰে বিকাশৰ ১২ দিন শীৰ্ষক সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ বাবে নিৰ্মীয়মান খনিকৰ ষ্টেডিয়াম আৰু খেলপথাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় ।
উল্লেখ্য যে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰাৰ দিনা অনুষ্ঠিত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ডিব্ৰুগড়ত প্ৰতিবছৰে ২৬ জানুৱাৰীত কেন্দ্ৰীয় গণৰাজ্য দিৱস অনুষ্ঠিত হ'ব । ইয়াৰ পাছতে ডিব্ৰুগড়ত খনিকৰ খেলপথাৰ অত্যাধুনিক ৰূপত নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ।
সেয়ে সোমবাৰে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান ষ্টেডিয়াম আৰু খনিকৰ খেলপথাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে অহা ২৬ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব ।
সেয়ে নতুনকৈ সজাই-পৰাই তোলা হৈছে খেলপথাৰখন । অহা বছৰৰ পৰা প্ৰত্যেক বছৰে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসত ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব । এই কথা পুনৰবাৰ সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ।
The construction at Khanikar Stadium in Dibrugarh is progressing rapidly. Once completed, it will provide world class facilities to our athletes right next to their doorstep.
— Himanta Biswa Sarma (@himantabiswa) December 23, 2024
Reviewed the progress today. https://t.co/b9QRmNTNqK pic.twitter.com/KV8FAna8bH
ইফালে সৰুসজাইৰ আৰ্হিত নিৰ্মীয়মান ষ্টেডিয়ামৰ কামৰ লেহেমীয়া গতি প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্মাতা প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ কামত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় । দায়িত্বত থকা বিষয়াসকলক এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।
কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পেৰেড এতিয়াৰে পৰা ডিব্ৰুগড়ত হ'ব
কেন্দ্ৰীয় গণৰাজ্য দিৱস অনুষ্ঠিত হ'বলগা খনিকৰ খেলপথাৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস এতিয়াৰে পৰা ডিব্ৰুগড়ত হ'ব । অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব আৰু ৰাজ্যপালে গুৱাহাটীত কৰিব । সেয়ে খনিকৰ খেলপথাৰ সজাই-পৰাই তোলা হৈছে । আজি তাক পৰিদৰ্শন কৰিলোঁ । ডিব্ৰুগড়ত দুখন উৰণ সেতুৰ কাম চলি আছে । দুয়োখনৰ নিৰ্মাণৰ কাম যাতে এই বছৰত শেষ হয় তাৰ আলোচনা কৰিলোঁ ।"