ETV Bharat / state

প্ৰতিবাদত মৃত্যু, মানৱ অধিকাৰ আয়োগত গোচৰ কংগ্ৰেছৰ - HUMAN RIGHTS COMMISSION

আৰক্ষীৰ বিৰুদ্ধে হত্যাৰ পৰিকল্পনাৰে প্ৰতিবাদস্থলীত কন্দুৱা গেছ নিক্ষেপৰ অভিযোগ । হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছত থাকোতে ৰাজভৱনৰ সন্মুখত কৰিছিল প্ৰতিবাদ ।

Vice-President of APCC
অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

নগাঁও : অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজভৱনৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এজন কংগ্ৰেছ নেতাৰ মৃত্যুক লৈ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । যোৱা বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ । প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ নিক্ষেপ কৰিছিল কন্দুৱা গেছ ।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল হতাহতিৰো । ফলস্বৰূপে কেইবাজনো কংগ্ৰেছৰ প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰি এজন কংগ্ৰেছ নেতাৰ মৃত্যু হয় । অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ নেতা মৃদুল ইছলামৰ মৃত্যু হৈছিল । প্ৰতিবাদত অংশগ্ৰহণ কৰা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই কংগ্ৰেছ নেতৃত্বই । অৰক্ষীয়ে নিয়ম ভংগ কৰি কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতেই কংগ্ৰেছ নেতাজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ ।

অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি (ETV Bharat Assam)

সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱ তালুকদাৰে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্য়ুৰ ন্যায় বিচাৰি মানৱ অধিকাৰ আয়োগত তৰিছে গোচৰ । সোমবাৰে মানৱধিকাৰ আয়োগত গোচৰ তৰাৰ পাছত নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কয়," নিয়ম অনুযায়ী আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰা নাই । কোনোবা মৰে যদিও মৰক মনোভাৱেৰে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীত ।"

হত্যাৰ পৰিকল্পনাৰে কন্দুৱা গেছ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি মানৱ অধিকাৰ আয়োগত অসম আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণত অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰা সন্দৰ্ভতো মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে কয়," হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছত থাকোতে ৰাজভৱনৰ সন্মুখতেই প্ৰতিবাদ কৰিছিল । চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা চৰকাৰৰ দলেই ভংগ কৰিছে, এই ক্ষেত্ৰত এতিয়া চৰকাৰে কি ব্যৱস্থা কৰিব ? তেওঁলোকে কৰিলে হয় ৰাসলীলা আৰু আমি কৰিলে ধৰি বান্ধি কিলা ।" তেওঁ অসম চৰকাৰৰ বিৰুদ্ধে একপক্ষীয় নীতি গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:আন্দোলন কৰিবলৈ আমাৰ ফুৰ্তি লগা নাই: মুখ্য়মন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ - BHUPEN BORAH SLAMS ASSAM CM

কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.