হায়দৰাবাদ: অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰই নিজৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা 100 সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাসৰ সৃষ্টি কৰিলে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোই 2025 চনৰ 29 জানুৱাৰীৰ পুৱা 6.23 বজাত জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (GSLV-F15) উৎক্ষেপণ কৰে ।
2250 কিলোগ্ৰাম ওজনৰ গধুৰ উপগ্ৰহ কঢ়িয়াই মহাকাশ অভিমুখে উৰি যোৱা GSLV-F15 বিমানখনৰ এয়া 17 সংখ্যক উৰণ । এয়া আছিল থলুৱা ক্ৰাইজেনিক পৰ্যায়ৰ 11 সংখ্যক উৰণ । এই মহাকাশযানখনৰ নাম হৈছে NVS-02 । এই অভিযানে দেশৰ যাতায়তৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব । থলুৱা ক্ৰাইজেনিক ষ্টেজ GSLV-F15 য়ে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰাৰ পিছত NVS-02 উপগ্ৰহটোক জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথত স্থাপন কৰিব ।
✅ Mission Success!
— ISRO (@isro) January 29, 2025
The GSLV-F15/NVS-02 mission has been successfully accomplished.
India reaches new heights in space navigation! 🌟 #GSLV #NAVIC #ISRO
পুৱা 6:42 বজাত ৰকেটৰ পৰা পৃথক হয় উপগ্ৰহটো
ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় 6:42 বজাত GSLV-F15 এ NVS-02ক নিজৰ কক্ষপথলৈ প্ৰেৰণ কৰে আৰু লগতে ইয়াক পৃথক কৰে । ইয়াৰ পাচতে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰই নিজৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা 100 সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰে । এই উপলক্ষে দেশবাসীক সম্বোধন কৰি ইছৰোৰ নতুন অধ্যক্ষগৰাকীয়ে কয় - "সুপ্ৰভাত ভাৰতবৰ্ষ, আমি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক লঞ্চ পেডৰ পৰা 2025 চনৰ প্ৰথমটো উপগ্ৰহ আৰু 100 সংখ্যক ৰকেট উৎক্ষেপণ কৰি এই অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছো ।"
উল্লেখ কৰা প্ৰয়োজন যে ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়নে 13 জানুৱাৰীত সংস্থাটোৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিছিল আৰু তেওঁৰ নেতৃত্বত ইছৰোৰ এয়া প্ৰথম অভিযান, যিটো সফলতাৰে সম্পূৰ্ণ হৈছে । এই অভিযানৰ সফল হোৱাৰ পাছত ইছৰোৰ নতুন অধ্যক্ষই তেওঁৰ ভাষণত কয়, "1979 চনৰ 10 আগষ্টত শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক লঞ্চপেডৰ পৰা প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন (এছ এল ভি) উৎক্ষেপণ কৰা হয় । 46 বছৰৰ মূৰত 2025 চনৰ 29 জানুৱাৰীত GSLV-F15 ৰূপত 100 সংখ্যক ৰকেট এই লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হৈছে ।"
📸 Relive the moment! Here are stunning visuals from the GSLV-F15/NVS-02 launch.
— ISRO (@isro) January 29, 2025
A proud milestone for India’s space journey! 🌌 #GSLV #NAVIC #ISRO pic.twitter.com/RK4hXuBZNN
NVS-02 ভাৰতৰ নেভিগেচন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ । ইয়াৰ উদ্দেশ্য ভাৰতত নৌ পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ কৰা । ইয়াৰ সহায়ত ব্যক্তিগত আৰু প্ৰতিৰক্ষা খণ্ডত নেভিগেচন সেৱা আগবঢ়াব পৰা যাব । ভাৰতৰ নতুন নেভিগেচন উপগ্ৰহ শৃংখলাৰ এয়া দ্বিতীয়টো উপগ্ৰহ ।
NVS-02 মিছন কি?
স্মৰ্তব্য যে GSLV-F15 নিজৰ লগত এটা নেভিগেচন উপগ্ৰহ NVS-02 লৈ মহাকাশৰ দিশে অগ্ৰসৰ হৈছিল আৰু প্ৰায় 20 মিনিটৰ উৎক্ষেপণৰ পিছত ই এটাৰ পিছত এটাকৈ সকলো পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰি জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথলৈ প্ৰেৰণ কৰাৰ পিছত উপগ্ৰহটোক পৃথক কৰিছিল ৷ ইয়াৰ লগে লগে মিছনটো সফলতাৰে সম্পূৰ্ণ হয় ।
ইয়াৰ দ্বাৰা ইছৰোৰ নেভিগেচন চেটেলাইট অভিযান শক্তিশালী হ’ব । ই ভাৰতীয় নেভিগেচন চিষ্টেমৰ এটা অংশ, যিটো দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ । ইয়াৰ উদ্দেশ্য হৈছে 1500 কিলোমিটাৰ দূৰত্বলৈকে ভাৰত আৰু ইয়াৰ আশে-পাশে থকা পৰিস্থিতিৰ সঠিক তথ্য প্ৰদান কৰা । ইয়াৰ উপৰিও মহাকাশৰ পৰা যোগাযোগ আৰু বতৰৰ তথ্য শক্তিশালী কৰাৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰা হ’ব ।
⏱️ T-15 minutes to liftoff! Get ready to witness the power of GSLV-F15 and the launch of NVS-02.
— ISRO (@isro) January 29, 2025
📺 Tune in live: https://t.co/SXo6F2PAHU
More information at: https://t.co/ttZheUYypF#GSLV #NAVIC #ISRO
NVS-02 ৰ মূল উদ্দেশ্য
- স্থল, বায়ু আৰু সাগৰীয় পৰিবহণ: এই উপগ্ৰহটোৱে স্থল, আকাশ আৰু সাগৰীয় পৰিবহণ সেৱাৰ উন্নতি সাধন কৰিব ।
- নিখুঁত কৃষি: শস্যৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিব ।
- বহৰ ব্যৱস্থাপনা: বাহন আৰু জাহাজসমূহ ভালদৰে নিৰীক্ষণ কৰিব পাৰিব ।
- স্থানভিত্তিক সেৱা: মোবাইল ডিভাইচত স্থানভিত্তিক সেৱা বৃদ্ধি পাব ।
- কক্ষপথ নিৰ্ণয়: অন্য উপগ্ৰহৰ বাবে কক্ষপথ নিৰ্ধাৰণ কৰিব ।
- IoT ভিত্তিক সেৱা: IoT ভিত্তিক সেৱাসমূহ উন্নত কৰিব ।
- দুৰ্যোগ আৰু সময় সেৱা: দুৰ্যোগৰ পৰিস্থিতিত সহায় কৰিব আৰু সময় সেৱা প্ৰদান কৰিব ।