thumbnail

ন-ৰূপত শক্তিপীঠ কামাখ্যা ধাম!

By

Published : Sep 29, 2019, 11:23 PM IST

Updated : Sep 29, 2019, 11:32 PM IST

নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত নৱৰাত্ৰিৰ বিশেষ আয়োজন । পৰম্পৰা অনুসৰি শুক্লা প্ৰতিপদৰ পৰা আৰম্ভ নৱৰাত্ৰি । নৱৰাত্ৰি উপলক্ষে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ । মাৰ আশীষ ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰিছে শক্তিপীঠ কামাখ্যাত । ইফালে এই সময়চোৱাতে পৰম্পৰাগতভাৱে কুমাৰী পূজাৰো আয়োজন কৰা হয় । সেই অনুসৰি দেওবাৰে এগৰাকী কুমাৰীক পূজা কৰা হয় মা কামাখ্যা ধামত । প্ৰতিপদৰ পৰা নৱমীলৈ মুঠ 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব বুলি জানিবলৈ দিয়ে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে । আনহাতে ভক্তৰ সুবিধাৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । মুঠৰ ওপৰত দুৰ্গা পূজা উপলক্ষে মা কামাখ্যা ধামত উছৱমুখৰ পৰিৱেশৰে বিৰাজ কৰিছে ।
Last Updated : Sep 29, 2019, 11:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.