ডিব্ৰুগড় : চলিত বৰ্ষত ডিব্ৰুগড়ত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল । খোৱাঙৰ কেইবাটাও স্থানত বুঢ়ীদিহিঙৰ মথাউৰি আৰু ৰিংবান্ধ ছিগি যোৱাৰ ফলত অধিক ভয়াৱহ হৈ পৰিছিল বান পৰিস্থিতি । এনে পৰিস্থিতিত ডিব্ৰুগড়ৰ খোৱাঙত বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছিল । শীৰ্ষ নেতাসকলে ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণৰ আশ্বাস দিছিল ।
বান সাহায্য বিতৰণক লৈ অসন্তুষ্ট ৰাইজ
শেহতীয়াকৈ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ জৰিয়তে জিলাই জিলাই বান বিধ্বস্ত ৰাইজক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । ডিব্ৰুগড়তো আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত সাহায্য । কিন্তু খোৱাঙত বান বিধ্বস্ত পৰিয়ালক এককালীন আৰ্থিক সাহায্য বিতৰণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে । খোৱাং সমষ্টিৰ কাৱৈমাৰীত যোৱাটো বানত সৰ্বহাৰা পৰিয়ালসমূহে এই অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি আহাৰমহীয়া বানত কাৱৈমাৰী গাঁৱৰ বহু পৰিয়ালৰ ঘৰ, মাটি তচ-নচ হৈছিল । সেই সময়ত প্ৰশাসনৰ লগতে চৰকাৰী গাঁও প্ৰধানেও সকলো পৰিস্থিতি দেখিছিল । বহু পৰিয়ালে আজিও সাজিব পৰা নাই আপোন ঘৰখন ।
প্ৰকৃত ক্ষতিগ্ৰস্তই পোৱা নাই সাহায্য
বৰ্তমান চৰকাৰে বানত আৱাসগৃহ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ১ লাখ ২০ হাজাৰকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এই সাহায্যত ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উঠিছে । বিপৰীতে এই সাহায্য লাভ কৰিছে সাধাৰণভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে গাঁওখনৰ অধিক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ । প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে জাঙুৰ খাই উঠিছে গাঁও প্ৰধানৰ লগতে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিৰুদ্ধে ।
সাহায্য প্ৰদানৰ নামত ৰাজনীতি কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে ৰাইজে । অসম চৰকাৰৰ লগতে জিলা প্ৰশাসনক পৰিয়ালসমূহক সম দৃষ্টিৰে চাবলৈ দাবী জনাইছে । জানিব পৰা মতে খোৱাঙৰ কেইবাখনো গাঁৱতে একেধৰণৰ অভিযোগ উত্থাপন হৈছে । গাঁও প্ৰধান আৰু মণ্ডলে বান সাহায্য বিতৰণত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
বান বিধ্বস্ত পৰিয়ালক বান সাহায্য প্ৰদানত অনিয়ম সংঘটিত হোৱাৰ পাছেই খোৱাঙৰ কেইবাখনো গাঁওৰ ৰাইজ একত্ৰিত হৈ সমগ্ৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে । ৰাইজৰ দাবী বান সাহায্য বিতৰণত কোনো ৰাজনীতি নকৰি প্ৰকৃত হিতাধিকাৰীক সাহায্য প্ৰদান কৰিব লাগে । গাঁও প্ৰধানে বহু ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰলৈ আজি পৰ্যন্ত যোৱা নাই বুলিও অভিযোগ কৰিছে ৰাইজে । ফলত কম ক্ষতিগ্ৰস্ত ৰাইজে বান সাহায্য লাভ কৰাৰ বিপৰীতে বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছে ভুক্তভোগীসকলে ।
লগতে পঢ়ক :সুৰাত মগন আৰক্ষীৰ অভব্য আচৰণ; নিশা এটা পৰিয়াললৈ গৈ নিৰ্যাতন চলোৱাৰ অভিযোগ - MORAN ENCOUNTER CASE