কুৰুক্কাল মাডাম : কথাতে কয় বোলে ৰাখে হৰি মাৰে কোনে । হয় কপালত থকা আয়ুস ৰেখা দীঘলীয়া হ'লে কোনো এজন ব্যক্তি যিমানেই দুৰ্যোগ-বিপদৰ সন্মুখীন নহওক কিয়, তেওঁ নিৰ্ধাৰিত বয়সলৈ জীয়াই থাকিবই । তেনে এক ঘটনাই সংঘটিত হৈছিল এটি দুমহীয়া শিশুৰ ক্ষেত্ৰত । মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এই শিশুটি এতিয়া এগৰাকী ২০ বছৰীয়া চফল ডেকা ।
২০০৪ চনত ভাৰত মহাসাগৰৰ বিধ্বংসী ছুনামিৰ পিছত এই কেঁচুৱাটি বোকাৰ পৰা উদ্ধাৰ কৰা হৈছিল । ইয়াৰ পিছত এক আৱেগিক ন্যায়ালয়ৰ যুঁজৰ অন্তত শিশুটিৰ পিতৃ-মাতৃৰ সৈতে পুনৰ মিলন ঘটে। এসময়ত 'বেবী ৮১' নামেৰে পৰিচিত এই শিশুটি এতিয়া উচ্চ শিক্ষাৰ সপোন দেখা এজন ২০ বছৰীয়া চফল ডেকা ।
জয়ৰাছা অবিলাশৰ এই কাহিনী হৈছে আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিচ্ছিন্ন হোৱা পৰিয়ালবোৰৰ এক প্ৰতীক । কিন্তু ইয়াৰ লগতে এই ঘটনাই এক আশাবাদো প্ৰদান কৰিছে । এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত শ্ৰীলংকাত ৩৫,০০০ ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে আন বহুতো লোক সন্ধানহীন হৈছিল । দুমাহৰ কেঁচুৱাটি সেই সময়ত পূব শ্ৰীলংকাত সংঘটিত ছুনামিৰ ফলত উটি গৈছিল আৰু উদ্ধাৰকাৰী দলে তেওঁক ঘৰৰ পৰা কিছু দূৰৈত উদ্ধাৰ কৰিছিল । তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত তেওঁৰ পঞ্জীয়ন নম্বৰ আছিল ৮১ ।
পিতৃ মুৰুগুপিল্লাই জয়ৰাছাই তেওঁৰ বিচ্ছিন্ন হৈ পৰা পৰিয়ালটো বিচাৰি তিনিদিন অতিবাহিত কৰিছিল । তাৰ পিছত প্ৰথমে তেওঁ নিজৰ মাতৃক বিচাৰি পায় । তাৰ পিছত তেওঁৰ পত্নীক বিচাৰি পায় । কিন্তু তেওঁলোকৰ নৱজাতক পুত্ৰ তেতিয়াও সন্ধানহীন হৈ আছিল । ইফালে এগৰাকী নাৰ্ছে এটি কেঁচুৱাক চিকিৎসালয়ৰ পৰা লৈ গৈছিল যদিও শিশুটিৰ পৰিয়ালটো জীয়াই থকা বুলি শুনি তেওঁলোকক ঘূৰাই দিছিল ।
কিন্তু এই অগ্নিপৰীক্ষা তেতিয়াও শেষ হোৱা নাছিল । আন নটা পৰিয়ালেও 'বেবী 81' নামৰ শিশুটি তেওঁলোকৰ বুলি দাবী কৰিছিল । সেয়েহে চিকিৎসালয় প্ৰশাসনে উপযুক্ত প্ৰমাণ অবিহনে শিশুটিক জয়ৰাছা আৰু তেওঁৰ পত্নীক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ ফলত পৰিয়ালটো আৰক্ষীৰ ওচৰ চাপে । বিষয়টো গৈ আদালতত উপনীত হয় । তাৰ পিছত ন্যায়াধীশে ডি এন এ পৰীক্ষাৰ নিৰ্দেশ দিয়ে । কিন্তু এই প্ৰক্ৰিয়াটো শ্ৰীলংকাত তেতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছিল ।
কিন্তু এক উল্লেখযোগ্য কথা হৈছে যে আন নটা পৰিয়ালৰ এটায়ো কেঁচুৱাটিক আইনীভাৱে দাবী কৰা নাছিল আৰু তেওঁলোকৰ কোনো ডি এন এ পৰীক্ষা কৰিবলৈ আগবাঢ়ি অহা নাছিল বুলি জয়ৰাছাই কয় । তেওঁ কয়, "চিকিৎসালয়খনে শিশুটিৰ নাম 'বেবী ৮১' ৰাখে আৰু শিশুটিক দাবী কৰা নজন লোকৰ নাম তালিকাভুক্ত কৰে । কিন্তু উক্ত তালিকাৰ পৰা আমাক বাদ দিয়ে ।" তেওঁ সেই সময়ৰ কথা স্মৰণ কৰি কয়, "যিসকলে শিশুটি তেওঁলোকৰ বুলি দাবী কৰিছিল তেওঁলোকক ডি এন এ পৰীক্ষাৰ অধীনলৈ আনিব লাগে বুলি ৰাজহুৱাভাৱে আহ্বান জনোৱা হৈছিল, কিন্তু তেওঁলোকৰ কোনেও আগবাঢ়ি অহা নাছিল ।" জয়ৰাছাই কয় যে তেওঁৰ পৰিয়ালে ডি এন এ নমুনা দিছিল আৰু শিশুটি তেওঁলোকৰে বুলি প্ৰমাণিত হৈছিল ।
ইয়াৰ পিছতে পৰিয়ালটো পুনৰ মিলিত হয় । ইফালে তেওঁলোকৰ এই কাহিনীয়ে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে আৰু আনকি এক সাক্ষাৎকাৰৰ বাবে তেওঁলোকে আমেৰিকাও ভ্ৰমণ কৰে । বৰ্তমান অবিলাশে হাইস্কুলৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । এক দৃঢ়মনা আৰু সৎ চৰিত্ৰৰ অবিলাশে তথ্য-প্ৰযুক্তি অধ্যয়ন কৰিবলৈ কোনো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ আশাবাদী ।
তেওঁ কয় যে পিতৃ-মাতৃৰ পৰা তেওঁৰ জীৱনৰ কাহিনী শুনি ডাঙৰ হৈছে । আনহাতে, সহপাঠীসকলে তেওঁক 'বেবী 81' বা 'ছুনামি বেবী' বুলি জোকাইছিল । তেওঁ লাজ পাইছিল আৰু প্ৰতিবাৰে ছুনামিৰ বাৰ্ষিকীৰ সময়ত তেওঁৰ অৱস্থা কাহিল হৈছিল । সাংবাদিকসকলে পুনৰ তেওঁৰ ঘটনাৰ বিষয়ে জানিবলৈ অহাৰ সময়ত তেওঁ ভিতৰলৈ দৌৰি গৈ নিজকে লুকুৱাবলৈ চেষ্টা কৰিছিল ।
তেওঁৰ পিতৃয়ে কয় যে ল'ৰাজন ইমানেই দুখিত হৈ পৰিছিল যে আনকি তেওঁ কেতিয়াবা নোখোৱাকৈও আছিল । তেওঁ কয়, "মই তেওঁক সান্ত্বনা দি কৈছিলোঁ, 'বেটা, এই পৃথিৱীত এনে নাম থকা একমাত্ৰ ব্যক্তি হোৱাৰ বাবে তুমি অনন্য ।" পিছলৈ যেতিয়া তেওঁ কিশোৰ অৱস্থাত ভৰি দিছিল পৰিয়ালৰ পৰা তেওঁ বিচ্ছিন্ন হোৱাৰ ঘটনাবোৰৰ বিষয়ে অধিক পঢ়িছিল তেতিয়া তেওঁৰ ভয় নোহোৱা হৈছিল ।
তেওঁ জানে যে এই উপনামটোৱে তেওঁক গোটেই জীৱন ধৰি খেদি ফুৰিব । কিন্তু এতিয়া আৰু তেওঁ তাক পৰোৱা নকৰে । "এতিয়া মই ইয়াক কেৱল মোৰ ছদ্মনাম হিচাপে লওঁ ।" তেওঁ ধেমালি কৰি কয় । "যদি আপুনি মোক বিচাৰি উলিয়াব বিচাৰে, তেন্তে সেই ছদ্মনামটোত উপনীত হওক ।" আনহাতে, তেওঁ নিজৰ বিষয়ে জানিবলৈ অনলাইনত অনুসন্ধান অব্যাহত ৰাখিছে । তেওঁৰ পিতৃয়ে কয় যে ২০ বছৰ আগৰ সেই দিনবোৰৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে ।
অৱশ্যে বিগত বছৰবোৰত তেওঁৰ পৰিয়ালটোৱে লাভ কৰা ব্যাপক প্ৰচাৰে তেওঁলোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা বুলিও জয়ৰাছাই কয় । তেওঁৰ পৰিয়ালটোক বহুতো ছুনামি সাহায্য আৰু পুনৰ্নিৰ্মাণ কাৰ্যসূচীৰ পৰা বাদ দিয়া হৈছিল । কাৰণ চৰকাৰী বিষয়াসকলে ধৰি লৈছিল যে তেওঁলোকে আমেৰিকা ভ্ৰমণৰ সময়ত যথেষ্ট ধন লাভ কৰিছিল ।
ইয়াৰ উপৰি চুবুৰীয়াই তেওঁলোকৰ পৰিয়ালটোৰ প্ৰতি ঈৰ্ষান্বিত হৈছিল আৰু তেওঁলোকক অকলশৰীয়া কৰিছিল । তেওঁলোকক উক্ত স্থান এৰিবলৈও বাধ্য কৰা হৈছিল। পিতৃয়ে বিচাৰে যে তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যসকল তেওঁলোক জীয়াই থকাৰ বাবে কৃতজ্ঞ হৈ থাকক । লগতে তেওঁ বিচাৰে যে অবিলাশ এনে এজন ব্যক্তি হওক, যিয়ে প্ৰয়োজনত আনক সহায় কৰিব পাৰে ।
সৰুৰ পৰা ডাঙৰ হোৱালৈকে তেওঁ দেখিছে যে পিতৃয়ে হেয়াৰড্ৰেছিং দোকান এখনত কাম কৰি সামান্য পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল । আনহাতে, অবিলাশ ১২ বছৰীয়া হোৱাৰ সময়ত পৰিয়ালটোৱে তেওঁলোকৰ সন্মুখৰ চোতালত ছুনামিৰ ভুক্তভোগীসকলৰ বাবে এটা সৰু স্মাৰক স্থাপন কৰে ।
এই সন্দৰ্ভত অবিলাশৰ পিতৃয়ে কয়, "মোৰ মনত এটা চিন্তা ৰৈ গৈছে যে যিহেতু মৃত্যু হোৱা সকলোৱে অবিলাশক আমাৰ বাবে এৰি গৈছে, সেয়েহে তেওঁলোকক প্ৰতিদিনে স্মৰণ কৰিবলৈ আমাৰ নিজা এক স্মাৰক স্থান কিয় নাথাকিব ।"