ETV Bharat / entertainment

বৰপেটাৰ জিলা পুথিভঁৰালত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ - RANGGHAR NATYA UTSAV IN BARPETA

বৰপেটাৰ জিলা পুথিভঁৰালত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৷

31st Rashtriya Rangghar Natya Utsav
স্থায়ী নাট্য মঞ্চ আৰু প্ৰেক্ষাগৃহ উদ্বোধন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 13 hours ago

বৰপেটা : অসমৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংঘৰ, বৰপেটাৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ ৷ বৰপেটা জিলা পুথিভঁৰালত এই নাট উৎসৱ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ।‌ বন্তি প্ৰজ্বলনেৰে এই নাট উৎসৱ মুকলি কৰি দিয়া ভাষণত সাংসদ কলিতাই কয় যে অতীজৰে পৰা বৰপেটাই নিজৰ প্ৰভাৱশালী সাংস্কৃতিক পৰিচয়ক দাঙি ধৰি আহিছে ।‌ সংস্কৃতিৰ বৰঘৰ আৰু বৰপেটা যেন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি ।‌ সেই পৰিচয়কে বোৱাই ৰখাৰ শক্তিশালী আয়োজন হ’ল ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ । কলিতাই এই নাট উৎসৱৰ সফলতা কামনা কৰে । বৰপেটাৰ শিল্পীৰ দলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা নাট উৎসৱৰ উদ্বোধনী অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে বিশিষ্ট নাট পৰিচালক অবিনাশ শৰ্মাই । এই অনুষ্ঠানতে কেবাগৰাকী জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জনোৱা হয় । তেওঁলোক ক্ৰমে চিন্ময় দাস, গব্যাঞ্জলি দাস, অজয় দাস, হেমন্ত শৰ্মা আৰু শোভাৰাণী দাস ।

ইপিনে এই নাট উৎসৱৰ লগত সংগতি ৰাখি ৰংঘৰে বৰপেটাৰ লগতে অসমৰো এসময়ৰ নাট্যচৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু বৰপেটাৰ মিলন মন্দিৰৰ এশ বছৰীয়া জয়ন্তীও পালন কৰিছে । মিলন মন্দিৰক পুনৰুজ্জীবিত কৰাই হ’ল ইয়াৰ লক্ষ্য । ৰংঘৰৰ এই প্ৰচেষ্টাৰ লগতে নাট উৎসৱ সন্দৰ্ভত ৰংঘৰৰ জ্যেষ্ঠ বিষয়ববীয়া জ্যোতিপ্ৰসাদ দাসে কয় যে ১৯২৩ চনতে সত্ৰনগৰী বৰপেটাত স্থাপিত "মিলন মন্দিৰ" ৰ গৌৰৱময় শতবাৰ্ষিকী বিশেষ ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ অনুষ্ঠিত কৰা হৈছে । ইপিনে নাট উৎসৱৰ প্ৰথম দিনা হোমেন বৰগোহাঞি ৰচিত উপন্যাস মৎস্যগন্ধাৰ পাকিজা বেগমে দিয়া নাট্যৰূপ "মেনকা" গুৱাহাটীৰ "বা" ৰ প্ৰযোজনাত মঞ্চস্থ কৰা হয় ৷

৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ (ETV Bharat Assam)

আনহাতে মিলন মন্দিৰৰ শতবর্ষ উদযাপন উপলক্ষে "মিলন মন্দিৰ উঠে ছানি" শীৰ্ষক বিশেষ স্মৃতিচাৰণ সভাও অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানত বন্তি প্রজ্বলন কৰিব বৰপেটা সমষ্টিৰ প্রাক্তন বিধায়ক গুণীন্দ্র নাথ দাসে ৷ আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ৷ নগাঁও ননৈৰ "অভিমুখ" ৰ প্ৰযোজনাত আৰু বিদ্যুৎ কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাত 'ৰঘুনাথ' আৰু দেৰগাঁৱৰ নাট্যচর্চা কেন্দ্ৰৰ প্ৰযোজনাত আৰু সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে 'মাউৰত নোযোৱা কেইটাৰ কাহিনী' নাটক দুখন মঞ্চস্থ কৰা হ’ব ৷

২৭ ডিচেম্বৰত গুৱাহাটীৰ "অভিজ্ঞানম"ৰ প্ৰযোজনাত ৰণহাং চৌধুৰীৰ ৰচনা আৰু পৰিচালনাত 'কম্ফর্ট ৱমেন' নাটখন মঞ্চস্থ কৰা হ’ব ৷ একেদিনাই কল্পন, তিলজালা, কলকাতাৰ 'আত্মবৎ' নামৰ নাটখন মঞ্চস্হ কৰা হ’ব ৷ ২৮ ডিচেম্বৰত এক্ট, ২৪, মুম্বাইৰ প্ৰযোজনাত ৰাকেশ বেদাৰ হিন্দী অভিযোজনা 'জিনা ইছি কা নাম হায়' নাটখন মঞ্চস্থ কৰা হ’ব ৷ নাটখনৰ মুখ্য ভূমিকাত ৰাজেন্দ্ৰ গুপ্তা আৰু হিমানী শিৱপুৰীয়ে অভিনয় কৰিব ৷ সেইদিনাই নতুন দিল্লীৰ প্ৰযোজনা আৰু উৎপল ঝাৰ অভিযোজনা আৰু পৰিচালনাৰে 'দ্যা জু ষ্টোৰী'নাটখন মঞ্চস্থ কৰা হ’ব ৷ নাটখনৰ মুখ্য ভূমিকাত সুমন বৈদ্য আৰু পৰাগ শৰ্মাই অভিনয় কৰিব ৷ সামৰণি অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷

ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই বৰপেটাৰ এই অন্যতম সাংস্কৃতিক-সামাজিক অনুষ্ঠান ৰংঘৰৰ উদ্যোগত নিৰ্মাণ কৰা এখন স্থায়ী নাট্য মঞ্চ আৰু প্ৰেক্ষাগৃহ উদ্বোধন কৰে । ৰংঘৰৰ কাৰ্যালয় চণ্ডী বৰুৱা ভৱনত অসম চৰকাৰৰ আনটাইড পুঁজিৰ ১০ লাখ টকাৰে নিৰ্মাণ কৰা মঞ্চৰ লগতে প্ৰেক্ষাগৃহও উদ্বোধন কৰি সাং‍সদ কলিতাই আশা প্ৰকাশ কৰে নতুন এই সুবিধাই বৰপেটাৰ নাট্যচৰ্চাৰ ক্ষেত্ৰখনক আৰু অধিক আগবঢ়াই নিয়াত সহায় কৰিব ।‌ কলিতাই লগতে কয় যে নতুন এই সুবিধাই কলা-সংস্কৃতিৰ লগত জড়িত লোকসকলক উৎসাহিত কৰিব । আনহাতে ৰংঘৰৰ অন্যতম কৰ্ণধাৰ জ্যোতিপ্ৰসাদ দাসে কয় যে মঞ্চৰ লগতে যি প্ৰেক্ষাগৃহ মুকলি কৰা হৈছে তাত দুশ দৰ্শকে বহি নাটক উপভোগ কৰিব পাৰিব । ২০০০ চনৰ পৰাই ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ।‌

লগতে পঢ়ক : ৰ'টাৰডাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হ'ব বোক্সী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.