মহামৃত্যুঞ্জয় মন্দিৰত নাই পূৰ্বৰ দৰে ভক্তৰ ভীৰ - nagaon shiv temple

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 19, 2021, 10:50 PM IST

নগাঁও জিলাৰ ভেৰভেৰিস্থিত বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় শিৱ মন্দিৰ (Maha Mrityunjay Temple)ত নাই পূৰ্বৰ দৰে ভক্তৰ ভিৰ । শাওণৰ প্ৰথমটো সোমবাৰ বুলি ক’লে শিৱ ভক্তসকলৰ মাজত অপাৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰা দেখা যায় । কিন্তু এইবাৰ ক’ভিড (Covid) সৃষ্ট পৰিস্থিতিৰ বাবে এই উৎসাহ যেন ম্লান পৰিছে ৰাজ্যৰ শিৱ মন্দিৰ তথা দেৱালয়সমূহত । অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰত । 126 ফুট উচ্চতাৰ মন্দিৰটোত ভক্তৰ সংখ্যা তেনেই নগণ্য । নাই বোলবমৰ কোনো পৰ্ব । বাতিল কৰা হৈছে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি ধূপ-দীপ-নৈবেদ্য আগবঢ়োৱা কাৰ্য । মন্দিৰত অহা ভক্তসকলে মাস্ক পৰিধান কৰা দেখা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.