গুৱাহাটী: পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত চিকিৎসক মৃদুপৱন নাথ । গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ হোটেল শিৱাত আত্মগোপন কৰি আছিল চিকিৎসকগৰাকীয়ে । আৰক্ষীয়ে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতো পলাই আছিল চিকিৎসকগৰাকী ।
মঙলবাৰে পুৱা অভিযান চলাই চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা দলে ৷ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ । দুয়োটা গোচৰৰ তদন্ত চলি আছে । পূৰ্বে এটা গোচৰত গ্ৰেপ্তাৰো হৈছিল চিকিৎসকগৰাকী ।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে আয় বৰ্হিভূত সম্পত্তিৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৮/২৪ নম্বৰত ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । চিকিৎসক মৃদুপৱন নাথৰ মহানগৰীৰ ৰুক্মিণীগাঁওস্থিত বাসগৃহত অভিযান চলাই নগদ ধনসহ আয় বৰ্হিভূত সম্পত্তিৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ পোৱা গৈছিল ৷
উল্লেখ্য যে, Assam council of Medical Registration য়েও বিগত বৰ্ষৰ ২২ জুলাইতে বাতিল কৰিছিল ডাঃ নাথৰ চিকিৎসকৰ স্বীকৃতিপত্ৰ । নিয়মমতে স্বীকৃতি বাতিল কৰাৰ পাছত কোনো চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে নাথে । কিন্তু মহানগৰীৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসা সেৱা প্ৰদান কৰি আছিল চিকিৎসকগৰাকীয়ে ৷
ইয়াৰোপৰি বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহো কৰিছে ডাঃ মৃদুপৱন নাথে । কিছুদিন পূৰ্বে চিকিৎসক মৃদুপৱনৰ প্ৰথমা পত্নীয়ে ভঙাগড় থানাত ৰুজু কৰিছিল এক গোচৰ । চিকিৎসকগৰাকীৰ বাসগৃহত চলা অভিযানত জব্দ হৈছিল লাখ লাখ টকা । অৱশেষত মঙলবাৰে ৰাজপথৰ পৰাই গ্ৰেপ্তাৰ কৰা হয় চিকিৎসকগৰাকীক । লগতে জব্দ কৰা হৈছে এখন বাহন ।
পূৰ্বেও মঙলদৈ থানাৰ ২৩২/২০২৪ নম্বৰৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকগৰাকী । মঙলদৈৰ JSM নাৰ্চিংহোমতো আছিল মৃদুপৱনৰ শ্বেয়াৰ । সেই সন্দৰ্ভত তথ্য বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পত্ৰ প্ৰেৰণ কৰিছিল নাৰ্চিংহোমখনৰ কৰ্তৃপক্ষলৈ ।
কিন্তু সেই পত্ৰ প্ৰেৰণৰ সময়ত নাৰ্চিংহোমখনৰ প্ৰশাসনিক বিষয়া আছিল বিদেশত । যাৰ ফলত ভুৱাকৈ নিজে মৃদুপৱন নাথে উত্তৰ দিছিল । সেই কথা পোহৰলৈ অহাৰ পাছতে মৃদুপৱনৰ বিৰুদ্ধে নাৰ্চিংহোম কৰ্তৃপক্ষই তৰিছিল গোচৰ ।
লগতে পঢ়ক: টাইপাৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই