জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়লৈ এম্বুলেঞ্চ প্ৰদান সাংসদ গৌৰৱ গগৈৰ - Kaliabar MP Gaurav Gogoi
🎬 Watch Now: Feature Video
কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ (Kaliabar MP Gaurav Gogoi)য়ে সোমবাৰে কলিয়াবৰৰ জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰদান কৰে এখন এম্বুলেঞ্চ বাহন (MP Gaurav Gogoi donates ambulance to Jakhalabandha FRU) । সাংসদ এলেকা উন্নয়ন পূঁজিৰ জৰিয়তে আগবঢ়োৱা এম্বুলেঞ্চ বাহনখন আনুষ্ঠানিকভাৱে চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে সাংসদ গৰাকীয়ে । দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত এখন এম্বুলেঞ্চৰ অভাৱৰ বিষয়ে সাংসদ গৰাকীৰ কৰ্ণগোচৰ হোৱাত তৎকালীনভাৱে এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰে বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে । ইফালে ৰাজ্যৰ চিকিৎসালয় সমূহত বিকল হৈ থকা এম্বুলেঞ্চ সমূহ ৰাজ্য চৰকাৰে মেৰামতি নকৰা সন্দৰ্ভত তীক্ষ্ণ সমালোচনা কৰে সাংসদ গৰাকীয়ে (Gaurav Gogoi criticizes Assam health department) । জনতাক সেৱা কৰিবলৈ মাধ্যম হিচাপে ক্ষমতাৰ প্ৰয়োজন যদিও এই ক্ষমতাৰ অপব্যৱহাৰ হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।