নলবাৰীত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২০ জনৰো অধিক লোক - patient health condition
🎬 Watch Now: Feature Video

খাদ্যত বিষক্ৰিয়া(Food Poisoning) হৈ অসুস্থ হৈ পৰিছে নলবাৰীৰ সাহপুৰ কমাৰতোলা চুবুৰীৰ বহু লোক ।নলবাৰী(Nalbari)ৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বৰ্তমান ২০ গৰাকীৰো অধিক লোক চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা ৰোগীয়ে জনোৱা মতে, বিশ্বকৰ্মা পূজাৰ প্ৰসাদ আৰু আন খাদ্য খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল কমাৰতোলা চুবুৰীৰ কেইবাজনো লোক । অধিকাংশই পেটৰ অসুখত ভূগিছে । জ্বৰ আৰু গাৰ বিষো হৈছিল বহুজনৰ । অধিক অসুস্থ হৈ পৰা লোকসকলক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আৰু আন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, কেইবাজনো লোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰি ঘৰতে আছে । ইফালে, গাঁওখনৰ প্ৰায় ৬০ খনৰো অধিক ঘৰৰ সদস্য অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে বুলি জানিব পৰা গৈছে ।