কণী উৎপাদেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মৰাণৰ ধন বাহাদুৰ চেত্রীয়ে - ASSAM SMALL INDUSTRY

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2020, 3:10 PM IST

মৰাণ, 31 জানুৱাৰীঃ অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে মৰাণৰ ৩ নং ৰচিৰ পথাৰ গাঁৱৰ ধন বাহাদুৰ চেত্রীয়ে ঘৰতে কুকুৰাৰ কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে । উচ্চ শিক্ষিত যুৱক জনে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই বিজ্ঞানসন্মত ভাৱে উন্নত প্ৰজাতিৰ কুকুৰা পালন কৰি লাভজনক কণীৰ ব্যৱসায় কৰি লাভৱান হৈছে । ধন বাহাদুৰ চেত্রীয়ে জানিবলৈ দিয়া অনুসৰি - কৃষি বিভাগৰ সহযোগত বেংকৰ পৰা ঋণ লৈ ২০১৮ চনতে আৰম্ভ কৰিছিল এই ফাৰ্ম খন । চেত্রীৰ ফাৰ্মত বৰ্তমানে ২০০০‌ কুকুৰাই দৈনিক ১৭০০ৰ পৰা ২০০০ লৈকে কণী উৎপাদন কৰি আছে । এই কুকুৰা ফাৰ্মৰ পৰা কণী উৎপাদন কৰি দৈনিক ১০,০০০ টকা উপাৰ্জন কৰা বুলি জানিবলৈ দিয়ে ধন বাহাদুৰ ছেত্ৰীয়ে । ভৱিষ্যতে দহ হাজাৰ কুকুৰা পালন কৰি অধিক কণী উৎপাদন কৰাৰ লক্ষ্যৰে কাম কৰি থকা মৰাণৰ ধন বাহাদুৰ চেত্রী এজন সমাজ কৰ্মীও ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.