নগাঁৱত নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ - সমালোচনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13090978-thumbnail-3x2-aaaaaaaa.jpg)
আজি 17 ছেপ্তেম্বৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ নৰেন্দ্ৰ মোডীৰ জন্মদিন উদযাপনৰ বাবে আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে পুৱাই আহি নগাঁৱত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ নগাঁৱত উপস্থিত হৈয়ে পোনে পোনে মন্ত্ৰীগৰাকী ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰস্থিত বিশ্বৰ ভিতৰতে সৰ্ব্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ যায় । মন্ত্ৰী গৰাকীয়ে দলীয়ভাৱে আয়োজিত পূজাত ভাগ লৈ ধূপ-দীপ-নৈবদ্য আগবঢ়াই প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিগ্ৰহৰ আগত লয় সেৱা । ইফালে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন দলীয় কথাহে চৰকাৰৰ কথা নাই বুলি সমালোচকৰ সমালোচনা নস্যাৎ কৰে মন্ত্ৰী গৰাকীয়ে । জনপ্ৰিয় প্ৰধানমন্ত্ৰী জনৰ জন্মদিন দলে এবছৰ বা অধিক কালো পালন কৰিব পাৰে, সেইয়া দলৰ কথা । এয়া কোনো চৰকাৰী কাৰ্যসূচী নহয়, গতিকে আনে সমালোচনা কৰি একো লাভ নহ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷