১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ - saruparathar lac
🎬 Watch Now: Feature Video
গোলাঘাট জিলাৰ বৰপথাৰ, সৰুপথাৰৰ কৃষক ৰাইজ বৰ্তমান গভীৰ চিন্তাত পৰিছে । বাৰিষা কাল সমাগত যদিও পথাৰত পানীৰ অভাৱ হোৱাত সম্প্ৰতি পথাৰত চিৰাল ফাঁট মেলিছে । জেঠ মাহৰ আধাতকৈ বেছি দিন পাৰ হোৱাৰ পিছতো ৰাইজে কঠীয়া সিঁচিব পৰা নাই । যাৰ ফলত এতিয়া বিমোৰত পৰিছে কৃষকসকল । কৃষকৰ এনে সমস্যা দেখি সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ, সৰুপথাৰত থকা জলসিঞ্চন ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰাৰ উপৰিও এই দুৰ্যোগৰ সময়ত ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠীয়া পৰাৰ কথা ঘোষণা কৰিছে বিধায়ক গৰাকীয়ে । বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰায় এমাহৰ ভিতৰতে বিশ্বজিত ফুকনে লোৱা পদক্ষেপক সমষ্টিবাসীয়ে শলাগিছে ৷