thumbnail

আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ৰঞ্জিৎ ডেকাৰ বাসগৃহত আক্ৰমণ

By

Published : Aug 8, 2021, 10:29 AM IST

পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী (Anundoram Borooah Academy)ৰ অধ্যক্ষ তথা বিগত বিধানসভা নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ অগপ প্ৰাৰ্থী ড৹ ৰঞ্জিৎ ডেকা (Dr Ranjit Deka)ৰ বাসগৃহত শুকুৰবাৰে নিশা বটল বোম দলিয়াইছিল কোনো অচিনাক্ত দুৰ্বৃত্তই । পাঠশালাৰ কৃষ্ণনগৰস্থিত বাসভৱনত এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘৰটোত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । ঘটনা সন্দৰ্ভত বজালী জিলাৰ আৰক্ষী অধীক্ষকে তদন্ত আৰম্ভ কৰিছে । দলিওৱা বটলত পেট্ৰ’ল থকা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.