আদানী আৰু আম্বানীৰ CEO নৰেন্দ্ৰ মোডী: মীৰা বৰঠাকুৰ
🎬 Watch Now: Feature Video
বিজেপিয়ে দেশখনক আম্বানী-আদানীৰ হাতত তুলি দিছে ৷ বিমানবন্দৰৰ পৰা আৰম্ভ কৰি ৰে'ল সেৱালৈকে আম্বানী-আদানীক বিক্ৰী কৰিবলৈ উলাইছে বিজেপিয়ে ৷ বাদ পৰা নাই গুৱাহাটী চিৰিয়াখানাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰও ৷ সাধাৰণ ৰাইজৰ স্বাৰ্থত বিজেপি চৰকাৰে কাম ন'কৰে ৷ মঙলবাৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিলে মীৰা বৰঠাকুৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদানী আৰু আম্বানীৰ CEO বুলি অভিহিত কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । ইফালে, অপহৃত কুইপৰ দুই বিষয়াৰ ক্ষেত্ৰত চৰম সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনালে মীৰা বৰঠাকুৰে ৷