বঙাইগাঁৱত মুখ্যমন্ত্ৰী সাহাৰ্য আঁচনিৰ অধীনত চেক বিতৰণ
🎬 Watch Now: Feature Video
বঙাইগাঁও জিলাত শনিবাৰে ক’ভিড ১৯ (Covid 19)ত আক্ৰান্ত হৈ স্বামী হেৰুওৱা মহিলাসকলক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Das) চেক বিতৰণ কৰে । বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত (Conference Hall of the DC) আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি (Chief Minister's COVID-19 Widows Support Scheme)ৰ অধীনত চেক বিতৰণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Das) । অসম চৰকাৰৰ " Chief Minister Covid 19 Widows Support Scheme" লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ২৭ গৰাকী বিধৱা মহিলাক চেক বিতৰণ কৰা হয় । বঙাইগাঁও জিলা উপায়ুক্ত (Deputy Commissioner Of Bongaigaon)ড° এম এছ লক্ষ্মীপ্ৰিয়া সঞ্চালত অনুষ্ঠিত উক্ত অনুষ্ঠানত অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰী (MLA Phani Bhushan Choudhury) উপস্থিত আছিল ।