thumbnail

১০১ টা আত্মসহায়ক গোটক সৰ্বমুঠ ২ কোটি ৬০ লাখ টকাৰ ঋণ প্ৰদান

By

Published : Oct 28, 2021, 10:36 PM IST

ভাৰতীয় ষ্টেট বেংক টিংখাং শাখাৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আত্মসহায়ক গোটৰ ঋণ মেলা অনুষ্ঠিত হয় । টিংখাঙৰ শলগুৰি গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত ঋণ মেলা কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া । অনুষ্ঠানতে ভাৰতীয় ষ্টেট বেংকৰ টিংখাং শাখাৰ আধিনত থকা মুঠ ৩৯০ টা মহিলা আত্মসহায়ক গোটৰ ভিতৰত ১০১ টা আত্মসহায়ক গোটক সৰ্বমুঠ ২ কোটি ৬০ লাখ টকাৰ ঋণ প্ৰদান কৰে । ইফালে মন্ত্ৰী গৰাকীয়ে মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ পৰা পাৰ্বতীপুৰ চাহ বাগিচ পৰা পুলুঙনি হৈ কু‍ঁৱৰীগাঁও সংযোগী পথৰ শুভ উদ্বোধন কৰাৰ লগতে নাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ উন্মোচন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.