নাহৰৰ দেশত গছপুলি ৰোপণ কৃষিমন্ত্ৰী অতুল বৰাৰ - Atul Borah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12031090-thumbnail-3x2-atulnew.jpg)
ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস । ক'ভিড মহামাৰী সময়ত অক্সিজেনৰ অভাৱ হোৱাৰ পাছতে প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ ৰাইজও আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা কৃষিমন্ত্ৰী অতুল বৰাই শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ গছপুলি ৰোপণ কৰে । ক'ভিডৰ ভয়াবহতাৰ বাবে বিশ্ববিদ্যালয় বন্ধ যদিও বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিনিধি, শিক্ষক সকলৰ লগত লগলাগি মন্ত্ৰী অতুল বৰাই বিশ্ববিদ্যালয়ত নাহৰৰ পুলি ৰোপণ কৰে ।