নিজ বিভাগত চলি থকা কৰ্ম-কাণ্ড সন্দৰ্ভত জ্ঞাত নহয় খোদ মন্ত্ৰী যোগেন মহন - Mines and Minerals Department
🎬 Watch Now: Feature Video
ৰাজ্যৰ খনিজ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে নাজানে বিভাগটোত প্ৰকৃততে কি হৈ আছে ৷ খনিজ বিভাগৰ বৰ্তমান পৰিস্থিতি বা কৰ্মৰ সম্বন্ধে জ্ঞাত নহয় খোদ মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan is unaware of own department) ৷ এই কথা আমাৰ নহয় ৷ এই কথা সংবাদমাধ্যমৰ আগত নিজেই প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বিগত কিছু দিন পূৰ্বে ৰাজ্যৰ খনিজ উন্নয়ন নিগম (Mineral Development Corporation)ৰ সঞ্চালকে বিভাগৰ চাৰিগৰাকী কৰ্মচাৰীক কৰিছিল দুৰ্ব্যৱহাৰ ৷ তাৰ পাচতেই কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰীৰ লগতে মুখ্য সচিবক সমগ্ৰ বিষয় সম্পৰ্কত এক লিখিত অভিযোগ দিছিল ৷ কিন্তু ইমানৰ পাচতো সেই সম্পৰ্কত খনিজ বিভাগৰ মন্ত্ৰী যোগেন মহনে জ্ঞাত নহয় বুলি মৰাণত সাংবাদিকৰ আগত মন্তব্য কৰে ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ বিষয়টো বুজ লৈহে প্ৰয়োজনত সকলো ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ ৷