বিশ্বকৰ্মা পূজাৰ উপলক্ষে মৰাণৰ বজাৰত ৰাইজৰ ভিৰ - মৰাণ
🎬 Watch Now: Feature Video
বিশ্বকৰ্মা পূজাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অস্থায়ী ৰূপত গঢ়ি উঠা পূজাৰ বজাৰত মৰাণ চহৰৰ লগতে মৰাণৰ দাঁতিকাষৰীয়া ৰাইজে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে । কোনোৱেই যদিও বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ ফটো কিনিছে আন কোনোবাই বিশ্বকৰ্মাক দি'বলৈ মন পচন্দৰ মালা বিচাৰি ভিৰ কৰিছে বজাৰত । পূৰ্বৰ তুলনাত এইবাৰ পূজাৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে যদিও বজাৰত ভিৰ বাঢ়িছে ৰাইজৰ ।