সমষ্টিৰ ৰিপ'ৰ্ট কাৰ্ড: মৰিগাঁৱৰ তিনিটা সমষ্টিৰ সবিশেষ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 20, 2021, 7:58 PM IST

মৰিগাঁও জিলাৰ মুঠ বিধানসভা সমষ্টি 3 টা আৰু মুঠ ভোটাৰ 6,12,125 গৰাকী ৷ সমষ্টি কেইটা হ’ল জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট ৷ জাগীৰোড সমষ্টিৰ মুঠ ভোটাৰ 2,36,422 গৰাকী ৷ মুঠ পুৰুষ ভোটাৰ 1,19,703 গৰাকী আৰু মহিলা ভোটাৰ 1,16,719 গৰাকী ৷ মৰিগাঁও সমষ্টিৰ মুঠ ভোটাৰ 1,90,776 গৰাকী ৷ ইয়াৰে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা 94,612 আৰু মহিলা ভোটাৰ 96,164 গৰাকী ৷ লাহৰীঘাট সমষ্টিৰ মুঠ ভোটাৰ 1,84,927 গৰাকী ৷ মুঠ পুৰুষ ভোটাৰ 95,957 গৰাকী আৰু মহিলা ভোটাৰ 88,970 গৰাকী ৷ জাগীৰোড সমষ্টি বৰ্তমান আছে বিজেপিৰ পীযুষ হাজৰিকাৰ দখলত ৷ 2016 চনৰ নিৰ্বাচনত পীযুষ হাজৰিকাই লাভ কৰে 94,550 টা ভোট আৰু কংগ্ৰেছৰ বিবেকানন্দ দলে লাভ কৰে 66,224 টা ভোট ৷ মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীয়ে লাভ কৰে 80,669 টা ভোট ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ জোনজোনালী বৰুৱাই লাভ কৰে 51,046 টা ভোট ৷ লাহৰীঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে কংগ্ৰেছৰ নজৰুল ইছলামে ৷ 2016 ৰ নিৰ্বাচনত নজৰুল ইছলামে লাভ কৰিছিল 57,904 টা ভোট আৰু এআইইউডিএফ-ৰ ছিদ্দিক আহমেদে লাভ কৰিছিল 52098 টা ভোট ৷ পীযুষ হাজৰিকাৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু তেওঁৰ বিৰুদ্ধে কোনো আইনী গোচৰ নাই ৷ ৰমাকান্ত দেউৰী দশম শ্ৰেণী উত্তীৰ্ণ আৰু তেওঁৰ বিৰুদ্ধে আছে এটা আইনী গোচৰ ৷ নজৰুল ইছলামৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু তেওঁৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.