thumbnail

দিছপুৰ দখল কৰিব বুলি 200 শতাংশ নিশ্চিত মনজিৎ মহন্ত

By

Published : Mar 19, 2021, 10:17 PM IST

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীৰ লগতে ৰাইজৰো উৎকন্ঠা বাঢ়ি আহিছে ৷ কোনোৱে যদি দিছপুৰলৈ অহাৰ সপোন দেখিছে আন কোনোবাই আৰু অলপ আগুৱাই নিজকে বিধায়ক হোৱা বুলি ভাবি লোৱা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম ন'হল দিছপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা মনজিৎ মহন্ত ৷ গণ মৰ্চাৰ পৰা কংগ্ৰেছৰ চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মহন্তই নিজকে বিধায়ক হোৱা বুলিয়েই ভাবিছে ৷ তেওঁ কয় যে, দিছপুৰত ইতিমধ্যে অতুল বৰা হাৰিছেই ৷ গতিকে তেওঁ বিধায়ক হোৱাতো 200 শতাংশ নিশ্চিত ৷ বিধায়ক হৈ কি কৰিব সেয়াও স্পষ্ট কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷ এইয়া মনজিৎ মহন্তৰ প্ৰৱল আত্মবিশ্বাস নে দিবাস্বপ্ন সেয়া 2 মে'ত নিৰ্ণয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.