মৰাণত কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰত বৃদ্ধ - মৰাণত কিশোৰীক ধৰ্ষণৰ চেষ্টা
🎬 Watch Now: Feature Video

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙত বুধবাৰে এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে চুনু গোহাঁই নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধই (Old man attempts to rape minor in Moran) । চিপচ খুওৱাৰ চলেৰে দোকানৰ ভিতৰলৈ মাতি আনি ধৰ্ষণৰ চেষ্টা কৰা সময়তে কিশোৰীগৰাকীয়ে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় ৷ কিশোৰীগৰাকীৰ পৰা ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই মৰাণ আৰক্ষী থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে ৷ আনহাতে এনে অপকৰ্ম কৰাৰ পিছতে পলাতক হৈ আছিল চুনু গোহাঁই । অৱশ্যে মৰাণ আৰক্ষীয়ে অভিযান চলাই নিশা চুনু গোহাঁইক আটক কৰিবলৈ সক্ষম হয়(Man arrested for attempting to rape teenage girl) ।