দুলীয়াজানত তুংগত উঠিছে লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ - লুৰিণজ্যোতি গগৈ
🎬 Watch Now: Feature Video

দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৷ শুকুৰবাৰে দুলীয়াজানৰ নাওহলীয়াত জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহন কৰে এক নিৰ্বাচনী সভাত ৷ এই সভাতে তেওঁ ভাষণ প্ৰসংগত বিশেষভাৱে ধৰ্মীয় মেৰুকৰণৰ কথা উল্লেখ কৰি কয় যে, ‘হিন্দু বুলি এচামে উন্মাদ কৰিলে যদি ভোট পায় তেন্তে সমানে সমানে মুছলমান বুলিও এচাম উন্মাদ হৈ পৰিব আৰু অসমত ধৰ্মীয় মৌলবাদ চলিব ৷ আনকি তেওঁ গণতন্ত্ৰৰ মূত্যু হোৱাৰ কথা উল্লেখ কৰি কয় যে, ‘আপুনি মই যদি কিবা কথা কওঁ অথবা গণতান্ত্ৰিক অধিকাৰ বিচাৰিলে, তেওঁক বৰ্তমানৰ চৰকাৰে জেলত ভৰাই থব’ ৷ উল্লেখ্য যে, ৰাইজৰ বিপুল ভোটত নিৰ্বাচনত জয়ী হ’ব বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷