লকডাউন: কঠোৰ হৈছে আৰক্ষী আৰু প্ৰশাসন

By

Published : Jul 13, 2021, 4:58 PM IST

thumbnail
ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ যোৰহাটতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণা (Corona)ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এই কৰ'ণা ৰোগ প্ৰতিৰোধ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে পুনৰ 7 খন জিলাত লকডাউন ঘোষণা কৰে চৰকাৰে ৷ ঠিক একেদৰে যোৰহাট জিলাতো দুদিনৰবাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে প্ৰশাসনে ৷ ইতিমধ্যে জিলা খনত সস্তম হৈ পৰিছে আৰক্ষী আৰু জিলা প্ৰশাসন ৷ যোৰহাটত দৈনিক ক'ভিড পজিটিভৰ সংখ্যা বদ্ধি পোৱাত আৰক্ষী আৰু জিলা প্ৰশাসনে আৰম্ভ কৰিছে সজাগতা ৰেলী (Awareness Ralley) ৷ ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি হৈ থাকিলে জিলা খনত লকডাউনৰ সময় সীমা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উক্ত কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছাও (Kamakhya Prashad Tasa)উপস্থিত থাকে ৷ কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰী আৰু ফাৰ্মাচীহে খোলা থাকিব বুলি প্ৰশাসনে সদৰি কৰিছে ৷ আনহাতে, গেলামাল আৰু ফল-মূলৰ দোকান কেৱল বুধ আৰু শুকুৰবাৰেহে খোলা থাকিব বুলি প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.