Sherman Ali to quit Congress: কংগ্ৰেছ এৰিবলৈ সাজু হোৱা শ্বেৰমানক কি ক'লে বিৰোধী দলপতিয়ে

🎬 Watch Now: Feature Video

thumbnail
কংগ্ৰেছৰ নিলম্বিত বিধায়ক‌ শ্বেৰমান আলি আহমেদে কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগ দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে (Sherman Ali Ahmed to join AIUDF)। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তীৰ্যক বাক্যবাণেৰে আক্ৰমণো কৰিবলৈ আৰম্ভ কৰিছে নিলম্বিত বিধায়কগৰাকীয়ে । ইয়াৰ মাজতে শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে শ্বেৰমান আলি আহমেদৰ শেহতীয়া কেতবোৰ বক্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া (Debabrata Saikia says about Sherman Ali) । বিৰোধী দলপতিগৰাকীয়ে কয় যে, শ্বেৰমান আলি আহমেদে কোৱাৰ দৰে কংগ্ৰেছ নেতৃত্বই কেতিয়াও তেওঁক সংখ্যালঘুৰ হৈ মাত নামাতিবলৈ কোৱা নাই । তেওঁ যে দল এৰি যাব সেয়া প্ৰায় নিশ্চিত । কিন্তু দলটো এৰি থৈ যোৱাৰ পূৰ্বে এইদৰে বদনাম জাপি দি থৈ যোৱাটো উচিত নহয় । অৱশ্যে দলৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰাৰ ক্ষেত্ৰত তেওঁক বাৰণ কৰা হৈছে বুলি বিৰোধী দলপতিগৰাকীয়ে প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.