পুনৰ আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড অপৰাধী গফুৰ - assam police
🎬 Watch Now: Feature Video
অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড অপৰাধী গফুৰৰ পলায়ন । আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰে দুধৰ্ষ অপৰাধী গফুৰ আলীয়ে । দহ দিন পূৰ্বে কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গফুৰক । আটকাধীন অৱস্থাতে গফুৰৰ দেহত ধৰা পৰিছিল ক'ভিড পজিটিভ । কামৰূপ আৰক্ষীয়ে এমএমচি হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল গফুৰ আলীক । চিকিৎসাধীন অৱস্থাতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰে গফুৰে । কিন্তু পলায়নৰ ২৪ ঘন্টাৰ ভিতৰতে পুনৰ আটক কৰা হয় দুধৰ্ষ অপৰাধীটোক । মেঘালয়ৰ শ্বিলংৰ পৰা কামৰূপ আৰক্ষীৰ এটি দলে কৰায়ত্ব কৰে কৰ’ণাক্ৰান্ত কুখ্যাত অপৰাধী গফুৰক । সম্পূৰ্ণ ক’ভিড প্ৰট’কল পালন কৰি কামৰূপলৈ লৈ অনা হৈছে গফুৰ আলীক । পিপিই কীট পিন্ধাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় গফুৰক ৷