Junior Doctor Protest at AMCH : অচল বহিঃবিভাগৰ চিকিৎসা সেৱা - কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদী সমদল
🎬 Watch Now: Feature Video

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদী সমদল (Doctor protest at AMCH)। অচল হৈ পৰিল অসম চিকিৎসা মহাবিদ্যালয়ৰ OPD কে ধৰি ভিন্ন বিভাগৰ চিকিৎসা সেৱা (Medical service defunct at AMCH) । হাতে হাতে বেনাৰ পোষ্টাৰ লৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত বিশাল প্ৰতিবাদী কাৰ্যসূচী AMCH ৰ কনিষ্ঠ চিকিৎসকৰ । NEET PG কাউন্সিলিং প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ বাবে দ্বিতীয়া দিনাও প্ৰতিবাদত বহিল অসম চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সকল । হাতে হাতে বেনাৰ লৈ শতাধিক কনিষ্ঠ চিকিৎসকে প্ৰতিবাদী সমদলেৰে কঁপালে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ । অতি সোনকালে NEET PG কাউন্সিলিং প্ৰক্ৰিয়া অনুষ্ঠিত নকৰিলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদৰ হুংকাৰ কনিষ্ঠ চিকিৎসক সন্থাৰ ।