আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে তিনিদিনীয়া কৈ অনুষ্ঠিত হৈছে ঐতিহাসিক গোভা জোনবিল মেলা। সমন্বয়ৰ বাৰ্তা লৈ পাহাৰৰ পৰা নামি আহিছে মামা-মামী। শুকুৰবাৰে পুৱাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া বিনিময় প্ৰথাৰ বাবে অস্থায়ী শিবিৰত পাহাৰৰ উৎপাদিত খাদ্য সম্ভাৰ লৈ বাহৰ পাতিছে । মেলাস্থলীত উপস্থিত হৈছে গোভা ৰজা দীপসিং দেওৰজা । উপস্থিত হৈছে সহস্ৰাধিক পাহাৰৰ মামা মামী ৷ উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ সাংস্কৃতিক দল সমূহ আহি উপস্থিত হৈছে জোনবিলৰ পাৰত । শুকুৰবাৰে ৰাজপাৰিষদ বহিব ৷ ১৮ গৰাকী প্ৰতীকী ৰজাক প্ৰদান কৰিব ৰাজ ভাট্টা আৰু জোনবিলত সমূহীয়া মাছধৰা পৰ্ব সম্পন্ন হ'ব ।