গোলাঘাট : সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দেখা এই অভিনৱ দৃশ্য । কাৰ্যালয়টোৰ উচ্চ পদস্থ বিষয়াৰ সন্মুখত ৰখা হ’ল দ’মে দ’মে স্মাৰ্ট মিটাৰ ৷ ঘৰৰ পৰা মিটাৰবোৰ খুলি আনি ৰাইজে শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত গোলাঘাট জিলা সমিতিৰ উদ্যোগত সোমবাৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পৰা হাতে স্মাৰ্ট মিটাৰ লৈ সমদল বাহিৰ শক্তি বিভাগৰ কাৰ্যালয় সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনিশৰো অধিক স্মাৰ্ট মিটাৰ কাৰ্যালয় উচ্চ পদস্থ বিষয়াৰ সন্মুখত চমজাই দিয়ে প্ৰতিবাদী গ্ৰাহকে । এই প্ৰতিবাদী স্থলীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়, ‘‘স্মাৰ্ট মিটাৰ যে ডকাইত, স্মাৰ্ট মিটাৰ যে পকেটমাৰ, স্মাৰ্ট মিটাৰ যে লুণ্ঠনকাৰী, এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পাছত সাধাৰণ জনগণৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ।’’
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_903.jpeg)
বিদ্যুৎ শইকীয়াই কয়, ‘‘যিখন চৰকাৰে ১২,৫০ টকা অৰুণোদয় আঁচনি দিছে, সেই পৰিয়ালটোৱে এতিয়া বৰ্ধিত দামত পেচাৰৰ দৰৱ, শাক-পাচলি ক্ৰয় কৰিবলগীয়া হৈছে ৷ সেই অৰুণোদয় আঁচনিৰ ১২৫০ টকা পোৱা পৰিয়ালে স্মাৰ্ট মিটাৰ সংস্থাপন কৰি এতিয়া দহ হাজাৰ, পাঁচ হাজাৰ, চাৰি হাজাৰ টকা ভৰিবলগীয়া হৈছে । যিকেইটা পৰিয়ালক ২৫০ টকা বৃদ্ধ পেঞ্চন দিছে সেই পৰিয়ালটোৱে এতিয়া ২৫০০ টকা বিদ্যুৎ মাছুল পৰিশোধ কৰিবলগীয়া হৈছে ।’’
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_756.jpeg)
‘‘এই সমগ্ৰ বিষয়টো লৈ স্থানীয় সংমণ্ডল কাৰ্যালয়ত আমি স্মাৰক পত্ৰ দি জানিব বিচাৰিছো ৷ কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই । খুদ বিজুলী ভৱনৰ নিৰ্দেশনা নমনাকৈ অবৈধভাৱে এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে । কেৱল মাত্ৰ দাদাগিৰি কৰি যি মন যায় তাকে বিল পঠিয়াইছে । এতিয়া বিদ্যুৎ মিটাৰৰ লাইট জ্বলিলে মানুহৰ বুকু কঁপি উঠে ।’’ তেওঁ কয় ৷
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_269.jpeg)
শইকীয়াই কয়, ‘‘আজি গাঁৱৰ মানুহে কান্দিছে এই ডকাইত ৰূপি স্মাৰ্ট মিটাৰ লৈ যাবলৈ অনুৰোধ জনাইছে ৷ কিন্তু এই বিষয়ে বিদ্যুৎ বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি চৰম সকীয়নি দিবলৈ গোলাঘাট সংমণ্ডলৰ কাৰ্যালয়ত আহিছিলো আৰু তাতে একাংশ ৰাইজে কৈছিল যে আমি আন্দোলন কৰিবলৈ যাম ৷ কিন্তু স্মাৰ্ট মিটাৰ লগত লৈ গতিকে ৰাইজে আজি প্ৰায় তিনিশৰো অধিক স্মাৰ্ট মিটাৰ খুলি আনি কাৰ্যালয় সন্মুখত জমা দিছে । ইয়াৰ উপৰিও এই মিটাৰ খুলি অনা পৰিস্থিতি বিভাগে নিজে সৃষ্টি কৰিছে । ইয়াৰ পাছত এজনো মানুহৰ ওপৰত যদি গোচৰ ৰুজু কৰে তেনেহ’লে নাই ৰঙামাটি নাই গুৱাহাটী নাই হ’ব ৷’’
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_526.jpeg)
‘‘২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, ব্যক্তিগত কল কাৰখানা, উদ্যোগ আদিত স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ গেজেট নটিফেকেচন কৰিছিল যদিও আজিলৈকে সম্পূৰ্ণ কৰা নাই শক্তি বিতৰণ কোম্পানীয়ে । তেওঁলোকে ৰাজনৈতিক ব্যক্তিসকলৰ বাগিচাত স্মাৰ্ট মিটাৰ সংস্থাপন নকৰি দিন হাজিৰা কৰা লোকৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব এই কথা কোনো কাৰণত মানি লোৱা নহ'ব ।’’ বিদ্যুৎ শইকীয়াই কয় ৷
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_587.jpeg)
![Protest against smart meter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-11-2024/golaghatsmartmitar_04112024153303_0411f_1730714583_219.jpeg)
‘‘ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৰা আন্দোলনক উপলুঙা কৰি কৈছে আজি দহ দিনৰ পৰা বিদ্যুৎ মাছুল হ্ৰাস হৈছে ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া- আমি বুৰ্বক নহয়, ঠাণ্ডা দিনত বিদ্যুৎ মাছুল কম হ’বই । আগতে গৰমৰ দিনত ৬০০ টকা আহে তেতিয়া কাৰো গাত নালাগে, কিন্তু এতিয়া গৰমৰ দিনত ৬০০ টকাৰ ঠাইত ১৮০০ টকা আহিলে গাত লাগিব ।’’ তেওঁ কয় ৷
লগতে পঢ়ক : ৰাইজৰ তেজ শুহি দীপাৱলী পতাৰ অভিযোগ কৃষক মুক্তিৰ |