ETV Bharat / international

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন: কমলা হেৰিছৰ ডাঙৰ প্ৰতিশ্ৰুতি, গাজা যুদ্ধৰ অন্ত পেলাব আৰু গৰ্ভপাতৰ নিয়ম সলনি কৰিব - US ELECTION 2024

৫ নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন । অন্তিম দিনা প্ৰচাৰ চলাই কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি দিলে

KAMALA HARRIS VOWS END TO GAZA WAR
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ (AP)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 11:00 PM IST

মিচিগান: মঙলবাৰে আমেৰিকাত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন । এই নিৰ্বাচনী ক্ষেত্ৰখনত ডেম’ক্ৰেট দলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ মাজত কঠোৰ প্ৰতিদ্বন্দ্বিতা চলি আছে । গৰ্ভপাত, অনুপ্ৰৱেশ, অৰ্থনীতি, ইজৰাইল-গাজা আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দৰে বিষয়সমূহে এই নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছে ।

ইজৰাইল-গাজা যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি

ইফালে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ভোটদানৰ ঠিক পূৰ্বে মিচিগানত অনুষ্ঠিত এক সমাৱেশত বহু ডাঙৰ প্ৰতিশ্ৰুতি দিছে । গাজাত চলি থকা যুদ্ধৰ অন্ত পেলোৱা, পণবন্দীসকলক ঘৰলৈ ঘূৰাই অনা আৰু ইজৰাইলৰ নিৰাপত্তা আৰু পেলেষ্টাইনী জনসাধাৰণৰ মৰ্যাদা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল কমলা হেৰিছে ।

লগতে পঢ়ক: নিৰ্বাচনী দৌৰত কোন আগত, কি কয় জনমত সমীক্ষাই ?

এই সমাৱেশত ভাষণ দি হেৰিছে কয় যে গাজাত মৃত্যু আৰু ধ্বংসৰ পৰিসৰ আৰু লেবাননত অসামৰিক লোকৰ মৃত্যু আৰু স্থানচ্যুতিৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰটো কঠিন হৈ পৰিছে । ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে গাজাৰ যুদ্ধৰ অন্ত পেলাব বুলিও কয় তেওঁ । ইয়াৰ লগতে গাজাত পণবন্দী আৰু ভুক্তভোগীসকলক ঘূৰাই আনিব । ইজৰাইলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে পেলেষ্টাইন জনসাধাৰণক মৰ্যাদা, স্বাধীনতা, নিৰাপত্তা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হ’ব । ইজৰাইল-লেবানন সীমান্তত কূটনৈতিক সমাধানৰ ওপৰত কাম কৰি যাব বুলিও কয় কমলা হেৰিছে, যিয়ে সাধাৰণ নাগৰিকক সুৰক্ষা আৰু স্থায়ী স্থিতিশীলতা প্ৰদান কৰে ।

আমেৰিকাত নতুন প্ৰজন্মৰ নেতৃত্বৰ সময় আহি পৰিছে: হেৰিছ

প্ৰচাৰৰ সময়ত হেৰিছে আমেৰিকাত নতুন প্ৰজন্মৰ নেতৃত্বৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণৰ বাবে যুঁজি স্বাস্থ্যসেৱাক বিশেষাধিকাৰ নহয়, অধিকাৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে । হেৰিছে কয় যে আমেৰিকাত নতুন প্ৰজন্মৰ নেতৃত্বৰ সময় আহি পৰিছে আৰু তেওঁ আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নেতৃত্ব প্ৰদান কৰিবলৈ সাজু ।

লগতে পঢ়ক: বহু চৰ্চিত আমেৰিকাৰ নিৰ্বাচন; কোন হ'ব পৰৱৰ্তী ৰাষ্ট্ৰপতি ?

স্বাস্থ্যসেৱাৰ খৰচ হ্ৰাস কৰাৰ আশা

স্বাস্থ্যসেৱাৰ ব্যয় হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি উপ-ৰাষ্ট্ৰপতিগৰাকীৰ । হেৰিছে আৰু জোৰ দি কয় যে স্বাস্থ্যসেৱা কেৱল বিশেষাধিকাৰ নহয়, এক অধিকাৰ হ’ব লাগে । জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰুৱা যত্নৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল । লগতে শিশুৰ যত্নক অধিক সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে । জ্যেষ্ঠ নাগৰিকৰ ঘৰুৱা যত্নৰ খৰচকে ধৰি স্বাস্থ্যসেৱাৰ খৰচ হ্ৰাস কৰাৰ আশ্বাস দিয়ে । তেওঁ কয় যে তেওঁৰ মতে স্বাস্থ্যসেৱা কেৱল সামৰ্থ থকাসকলৰ বাবে বিশেষ সুবিধা নহয়, এক অধিকাৰ হ’ব লাগে । তেওঁ যদি ৰাষ্ট্ৰপতি হয় তেন্তে যিকোনো মূল্যৰ বিনিময়ত এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব বুলি আত্মবিশ্বাসেৰে কয় ।

কৰ কৰ্তনৰ নিশ্চয়তা

উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কৰ কৰ্তনৰ আশ্বাস দিয়ে । তেওঁ কৰ কৰ্তনৰ লগতে শ্ৰমিক আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে । জীৱনধাৰণ উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি দিয়া, জীৱন-যাপনৰ খৰচ হ্ৰাস কৰা, গেলামালৰ ওপৰত কৰ্প’ৰেট মূল্যৰ বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰয়াসৰ কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কেইটামান দিশ

গৰ্ভপাত নীতিৰ ওপৰত গুৰুত্ব

কমলা হেৰিছে মহিলাৰ গৰ্ভপাতৰ স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । মহিলাৰ অধিকাৰ ৰক্ষাৰ পৰা পিছুৱাই যাব নোৱাৰে বুলিও কয় উপ ৰাষ্ট্ৰপতিগৰাকীয়ে, কাৰণ এই যুঁজখন ভৱিষ্যতৰ বাবে আৰু ই স্বাধীনতাৰ যুঁজ । এগৰাকী নাৰীয়ে নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ মৌলিক স্বাধীনতা নিশ্চিতভাৱে থাকিব লাগে । এই সন্দৰ্ভত আইন আনিব বুলিও কয় কমলা হেৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.