মাইক্ৰ'ফাইনেঞ্চ ঋণ ৰেহাইৰ চৰ্তক লৈ তিতাবৰত মহিলাৰ প্ৰতিবাদ - ঋণগ্ৰস্ত মহিলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 14, 2021, 1:12 PM IST

2021 ৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত অসমৰ সকলো মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঋণ ৰেহাই প্ৰদানৰ সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ পাছত বিপদত পৰিছে ঋণগ্ৰস্ত অধিকাংশ মহিলা ৷ চৰকাৰী এই নিৰ্দেশনা সলনি কৰাৰ দাবীত সোমবাৰে তিতাবৰত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ মহিলাই ৷ 2021 চনৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছে মহিলাসকলে ৷ নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত যিহেতু কোনো ধৰণৰ চৰ্ত প্ৰদান কৰা নাছিল, সেয়েহে বৰ্তমানেও কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷ তদুপৰি বৰ্তমান দুটাকৈ বছৰ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ ফলত মহিলাসকলে ঋণ ঘূৰাই দিবলৈ সক্ষম নোহোৱাত সেইসকল মহিলাৰ প্ৰতি মানবীয় দৃষ্টিভংগীৰে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷ চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পুনৰ ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিছে মহিলাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.