কমলপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জিতুল ডেকাৰ মনোনয়ন দাখিল

By

Published : Mar 12, 2021, 3:29 PM IST

thumbnail
ৰাজ্যত এতিয়া অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব ৷ ইয়াৰ মাজতে শুকুৰবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জিতুল ডেকাই দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ বাইহাটা চাৰিআলিস্থিত কাৰ্যালয়ৰ পৰা দলৰ সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ ৰঙিয়া মহকুমাধিপতি কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে নেতাগৰাকীয়ে ৷ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নেতাগৰাকীয়ে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে, "কমলপুৰ সমষ্টি এতিয়াও বহু পিছপৰি আছে । যিসকলে এতিয়ালৈকে বিধায়ক হৈছে তেওঁলোকে কেৱল নিজকে নেতা সজোৱাৰ বাহিৰে জনসাধাৰণৰ স্বাৰ্থত একো কৰা নাই "৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.